authorityngr
authorityngr

লংকাঃ নিজ মাতৃয়ে নিজৰ কণ্যাক ঠেলি দিছে অসৎ কামত লিপ্ত হ'বলৈ৷ তেনে এক জঘন্য কথা পোহৰলৈ আহিছে ৰেল নগৰী লামডিঙত৷ লামডিঙ থানাত ১৫৪/১৭ নংত এটি গোচৰ ৰুজু হোৱাৰ লগে লগে পোহৰলৈ আহিছে গাৰ নোম শিহৰি উঠা ঘটনাটো৷ লামডিং ক্ৰচিং গেটৰ নিৱাসী এই ১৫ বছৰীয়া  কিশোৰীক গৰাকীক বহুদিন ধৰি শাৰীৰিক নিৰ্যাতনৰ চলি অহা বুলি গুৰুত্ব অভিযোগ উঠিছে সম্পৰ্কীয় মোমায়েকৰ ওপৰত৷

কিশোৰী গৰাকীৰ মতে বিগত বহুদিন ধৰি ৰাজু দত্ত নামৰ ব্যক্তি গৰাকীয়ে নিজৰ মাকৰ সহায়ত অকথ্য নিৰ্যাতন চলাই অহিছে৷ ৰাজু দত্ত পেচাত এগৰাকী ঠিকাদাৰ৷ ৰাজু দত্তৰ জড়িয়তে মাকক এখন দোকান চলাই আহিছে ক্ৰচিং গেট বজাৰতে৷  

মাক আৰু ৰাজু দত্তৰ নিৰ্যাতন সহিব নোৱাৰি কিশোৰীগৰাকীয়ে আজি অতিষ্ঠ হৈ ঘৰৰ মালিকৰ সৈতে আহি লামডিং থানাত উপস্থিত হৈ গোচৰ ৰুজু কৰে৷ কিশোৰীগৰাকী বৰ্তমান নগাৱলৈ স্বাস্থ্য পৰিক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে ৰাজু দত্তক আটক কৰিছে।