12
Aug
2017

গৌৰীসাগৰঃ সদৌ অসম ছাত্ৰ সন্থাই আজি চাৰিগৰাকী সন্দেহযুক্ত বাংলাদেশী লোকক ধৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে শিৱসাগৰত৷ শিৱসাগৰ জিলাৰ দিখৌমুখ আঞ্চলিক ছাত্র সন্থাৰ এটি দলে দিখৌমুখত বানাক্ৰান্তৰ খবৰ লবলৈ যোৱাৰ সময়ত এটি পৰিয়ালত বাহৰ পাতি থকা লোককেইজনক বাংলাদেশী বুলি সন্দেহ কৰে৷
সংগঠনটোৱে সোধ-পোছ কৰাৰ অন্তত আৰক্ষীক গতাই দিয়ে লোককেইজনক৷ দিখৌমুখৰ আলিমুৰৰ উমা মিলি নামৰ লোকজনৰ ঘৰত বাহৰ পাতি আছিল লোককেইগৰাকী৷
দিখৌমুখ আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা সত্যব্রত গোস্বামী আৰু দিখৌমুখ আঞ্চলিক ছাত্র সন্থাৰ সাম্পাদক অংকুৰ ওজাই সন্দেহৱশত সোধ-পোছ কৰাত উমা মিলিৰ ঘৰত মাছ মৰিবলৈ আহি বাহৰ পাতি থকা বুলি কয় লোককেইগৰাকীয়ে৷ দিখৌমুখ ছাত্রসন্থাই স্থানীয় ৰাইজৰ সহযোগত গৌৰীসাগৰ আৰক্ষীক গতাই দিয়ে লোককেইজনক৷