মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ  ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত জাগুণ বন বিষয়াৰ কাৰ্য্যালয়ৰ অধীনস্থ নামফাই সংৰক্ষিত বনাঞ্চলত আজি বন বিভাগে আৰক্ষীৰ সহযোগত উচ্ছেদ অভিযান চলায়।

এই অভিযানত বন বিভাগৰ দলটোৱে বিগত প্ৰায় ৬মাহ ধৰি  শদিয়া, ধেমাজি, লখিমপুৰ আদি অঞ্চলৰ বানবিধ্বস্ত লোক বুলি নিজকে পৰিচয় দি জুপুৰী সাজি বনাঞ্চল বেদখল কৰি অহা শতাধিক পৰিয়ালক উচ্ছেদ কৰে। স্থানীয় লোকৰ অভিযোগ মতে, এই লোকসকলৰ একাংশ বনাঞ্চলৰ চোৰাং কাঠৰ বেহাৰ লগত প্ৰত্যক্ষভাৱে জড়িত।

আজি তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, ডিগবৈ আৰু বৰডুমচা বনসংমণ্ডলৰ  লগতে জিলাখনৰ কেইবাখনো আৰক্ষী থানাৰ  প্ৰায় এটা তিনিশ জনীয়া বনৰক্ষী আৰু আৰক্ষীৰ যুটীয়া অভিযানকাৰী দলে নামফাই সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলাই বনাঞ্চলখনৰ প্ৰায় আশী হেক্টৰ ভূমি বেদখলমুক্ত কৰে৷

সম্ভাৱ্য অভিযানৰ আগতীয়া খবৰ পাই বেদখলকাৰী পৰিয়ালসমূহৰ পুৰুষসকলে পলায়ন কৰি নিৰাপদ স্থানত অৱস্থান গ্ৰহণ কৰাত অভিযানকাৰী দলটোৱে কোনো পুৰুষ বেদখলকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল যদিও প্ৰায় ডেৰশ গৰাকী বেদখলকাৰী পৰিয়ালৰ মহিলাক আটক কৰি আনি পিছত জাগুণ-নামফাই পথৰ দাঁতিত মুকলি কৰি দিয়ে৷

অভিযানকাৰী দলটোৱে বেদখলকাৰীসকলে বসবাস কৰা ডেৰশটা জুপুৰী ভাঙি জ্বলাই দিয়ে৷ উল্লেখ্যে যে, এতিয়া লৈকে নামফাই বনাঞ্চলত বিগত ছয় বছৰত মুঠ ৬ বাৰ বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে যদিও প্ৰায় প্ৰত্যেক বছৰে বনাঞ্চলখনত নিজকে বানবিধ্বস্ত বুলি পৰিচয় দি একাংশ লোকে মূল্যৱান গছ-গছনি কাটি বেদখলৰ চেষ্টা অব্যাহত ৰাখিছে৷

২০১৪ বৰ্ষতো একাংশ লোকে নিজকে বানবিধ্বস্ত বুলি পৰিচয় দি নামফাই বনাঞ্চলৰ ভূমি বেদখল কৰি লিচাং জনজাতি গাঁও নামাকৰণেৰে এখন বৃহৎ গাঁও স্থাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই অঞ্চলটো বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছিল৷

আনহাতে, শুকুৰবাৰে পুৱাৰ পৰা বিয়লিলৈকে হোৱা এই অভিযানৰ ফলত অঞ্চলটোত এক চেঁপা উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। নিশাৰ ভাগলৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰো প্ৰৱল সম্ভাৱনা আছে যদিও প্ৰশাসনে সম্ভাৱ্য পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷