
চৰাইদেউঃ বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই বনাঞ্চল ৰক্ষা কৰিবলৈ বন বিভাগক কঠোৰ নিৰ্দেশনা জাৰি কৰি আহিছে যদিও চৰাইদেউ জিলাত অসাৰ প্ৰতিপন্ন হৈছে এই নিৰ্দেশ।
জিলাখনৰ চলা সংৰক্ষিত বনাঞ্চলত দীৰ্ঘদিন ধৰি বাধাহীনভাৱে দুৰ্বৃত্তই মূল্যবান গছ কাটি তহিলং কৰি আহিছে। ইয়াৰ মাজতে যোৱা বুধবাৰৰ নিশা আন এজোপা মূল্যবান গছ দুৰ্বৃত্তই কাটি নিয়া ঘটনা পোহৰলৈ আহিছে।
জানিব পৰা মতে, বুধবাৰে নিশা বনাঞ্চলখনৰ পৰা কোনো দুৰ্বৃত্তই এজোপা মূল্যবান গছ কাটি নিয়ে। নাফুকস্থিত সোণাৰি বন সংমণ্ডল কাৰ্যালয়ৰ অধীনস্থ বনাঞ্চলখনত এটা বীট অফিচ আছে যদিও অফিচটোত থকা বনকৰ্মীসকলে বন মাফিয়াক ভেঁটা দিয়াত ব্যৰ্থ হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে।
বনবিভাৰ এনে নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই অবাধে বনাঞ্চলখনত বিচৰণ কৰি এজোপাৰ পিছত আন এজোপা মূল্যবান গছ কাটি কুণ্ডাসমূহ বিনাবাধাই সৰবৰাহ কৰি আহিছে।
এনেদৰে বিভাগটোৱে আজি পৰ্যন্ত বনাঞ্চলখনত দপদপাই থকা মাফিয়া বা দুৰ্বৃত্তক কৰায়ত্ত কৰিব নোৱাৰা বিষয়টোৱে চৰাইদেউবাসী ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে।