বালিপৰাঃ ৰাজ্যত আজিও অব্যাহত আছে চোৰাং কাঠৰ ব্যৱসায়৷ বন বিভাগ তথা আৰক্ষীয়ে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে সময়ে সময়ে অভিযান চলালেও ৰাজ্যত একাংশ চৰকাৰৰ আশিস ধন্য লোকে চলাই গৈছে চোৰাং কাঠৰ ব্যৱসায়৷

তাম মাজতে শোনিতপুৰ জিলাৰ বালিপৰাত বুধবাৰে নিশা দুজন লোক সহিতে চোৰাং কাঠভৰ্তি এখন ট্ৰাক আৰু এখন অল্ট গাড়ী জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে।

বনবিভাগৰ চাৰিদুৱাৰ আঞ্চলিক কাৰ্যালয়ে এক অভিযান চলাই অৰুনাচলৰ পৰা তেজপুৰ অভিমুখে আহি থকা AS-12-E-5721 নম্বৰৰ এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক আৰু AS-12-D-1556 নম্বৰৰ এখন অল্ট গাড়ী জব্দ কৰে৷

বনবিভাগৰ এটি দলে ট্ৰাকখনক প্ৰথমে ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও ট্ৰাকখনৰ চালকে তীব্ৰ বেগে পলায়ন কৰিব বিছাৰে যদিও ট্ৰাকৰ চকাত গুলি বৰ্ষণ কৰি ট্ৰাকখন ৰখাবলৈ সক্ষম হয় বন বিভাগৰ দলটোৱে।

অানহাতে ট্ৰাকখনৰ চালক অাৰু হেণ্ডিমেনগৰাকীয়ে ট্ৰাক খন ৰখাই পলায়ণ কৰে৷ অাব্দুল মালেক অাৰু মজিবুৰ ৰহমান নামৰ দুজন লোকক অাটক কৰিবলৈ সক্ষম হয় বন বিভাগে।