
নগাঁওঃ নগাঁও জিলাৰ বিভিন্ন স্থানত অবৈধ কাঠমিল চলি থকা অভিযোগ উত্থাপন হৈ অহাৰ পিছতে যোৱা কেইবাদিনো ধৰি বন বিভাগে অবৈধ কাঠৰ মিলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে৷ শুকুৰবাৰে দিনৰ প্ৰায় ১১ মান বজাত নগাঁও সদৰ আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত জুৰীয়া আৰক্ষী থানাৰ এলেকাৰ আমতলা, জামুগুৰি আৰু কালিয়াডিঙাত অবৈধ কাঠমিলৰ বিৰুদ্ধে অভিযান চলাই বন বিভাগৰ এটা দলে।
জানিব পৰা মতে, নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বিষয়া প্ৰভাত বৰা আৰু ৰূপহীহাট ৰাজহ চক্ৰ বিষয়া ধৰ্শণা চেতিয়াৰ নেতৃত্বত নগাওঁ বন কাৰ্যালয়ৰ বনকৰ্মী, বন সুৰক্ষা বাহিনী আৰু স্থানীয় আৰক্ষীৰ সহযোগত এটা ১৮ জনীয়া দলে আমতলাত অভিযান চলাই আব্দুল মোতালিব নমাৰ লোকজনৰ এটা অবৈধ কাঠ মিল জব্দ কৰিবলৈ সক্ষম হয়।
কাঠমিল মিলৰ গৰাকী পলাই সাৰিবলৈ সক্ষম হয়। ইতিমধ্য জব্দ কৰা অবৈধ কাঠমিলটো নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ত ৰখা হৈছে বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে।