
নগাঁওঃ বন বিভাগে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিলেও আজিও নগাঁও জিলাত অবৈধ কাঠৰ ব্যৱসায় অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ তাৰ মাজতে নগাঁও সদৰ আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত বেবেজীয়াৰ জামুগুৰিৰ আৰু পানীখাইটিত বন বিভাগে অবৈধ কাঠমিল মিলৰ বিৰুদ্ধে অভিযান চলাই অবৈধ কাঠ মিল জব্দ কৰিবলৈ সক্ষম হয়৷
জানিব পৰা মতে, নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বিষয়া প্ৰভাত বৰাৰ নেতৃত্বত নগাঁও বন কাৰ্যালয়ৰ বনকৰ্মী, বন সুৰক্ষা বাহিনী আৰু নগাঁও সদৰ আৰক্ষীৰ সহযোগত ১২ জনীয়া দলে জামুগুৰিৰ কটকী মিল আৰু পানীখাইতিৰ সৰুধন আলিৰ মিলত অভিযান চলাই দুয়োটা অবৈধ কাঠ মিল জব্দ কৰিবলৈ সক্ষম হয়।
পানীখাইটিৰ সৰুধন আলীৰ মিলটোত মজুত থকা বুজন পৰিমাণৰ মূল্যবান কাঠও জব্দ কৰে দলটোৱে। অৱশ্যে, কাঠমিল দুটা জব্দ কৰে যদিও মিল দুটাৰ গৰাকী দুজন পলাই সাৰিবলৈ সক্ষম হয়। ইতিমধ্যে জব্দ কৰা অবৈধ কাঠমিল দুটা নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ত ৰখা হৈছে বুলি বন বিভাগে জানিবলৈ দিয়ে।