newsnextone.com \ খেৰণিঃ পশ্চিম কাৰ্বি আংলং জিলাত চোৰাং কাঠৰ ব্যৱসায় চলি থকা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে বন বিভাগে অভিযান চলাই চোৰাং কাঠ কঢ়িওৱাত ব্যৱহাৰ কৰা একহাল ম’হ আবদ্ধ কৰিবলৈ সক্ষম হয় বন বিভাগে৷ 

খেৰণিস্থিত আঞ্চলিক বন কাৰ্যালয়ৰ এটা দলে অসম-মেঘালয় সীমান্তৰ লামাৰাং গাঁৱত অভিযান চলাই৷ অভিযান কালত চোৰাং কাঠ সৰবৰাহ কৰা কাৰ্যত ব্যৱহাৰ কৰা এহাল ম’হ জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে। 

পশ্চিম কাৰ্বি আংলঙৰ লামাৰাং, মুলাবেৰ, খ্যাতকাছলা, ৱানপুং আদি অঞ্চলৰ পৰা প্ৰতিদিনে চুবুৰীয়া ৰাজ্য মেঘালয়লৈ সৰবৰাহ হয় চোৰাং কাঠ। ৰাজ্যৰ বন বিভাগ কেৰেপ নকৰি অসমৰ ভূমিৰ পৰা গছ কাটি ৰমৰমীয়া বেহা চলাই হৈছে মেঘালয়ৰ বনদস্যুৱে। 

সেউজ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সংৰক্ষিত বনাঞ্চল ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে। ফলত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে কাৰ্বি পাহাৰত৷ যাৰ পৰিপ্ৰেক্ষিতত প্ৰকৃতিপ্ৰেমী ৰাইজ আৰু সচেতন মহলে বন-ধ্বংস ৰোধ কৰিবলৈ বন বিভাগক দাবী জনাই আহিছে৷