ডিজিটেল ডেস্কঃ ব্যস্ততাৰ মাজতো ৰগৰ কৰিব নাপাহৰিলে ভাৰতৰ বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে। মঙল গ্ৰহত কোনোবা আবদ্ধ হৈ থাকিলেও সহায়ৰ হাত আগবঢ়াব ভাৰত চৰকাৰে। 

দৰাচলতে কৰণ চাইনি নামৰ এজন লোকে ৰগৰ কৰি টুইট কৰিছিল যে তেঁও মঙল গ্ৰহত আবদ্ধ হৈ ৰৈছে। ভাৰতৰ মংগলায়নে ৯৮৭ দিন আগতে পঠিওৱা খাদ্যও শেষ হৈ গৈছে। মংগলায়ন-২ কেতিয়া প্ৰেৰণ কৰা হ’ব?

এনেদৰে একপ্ৰকাৰ ৰগৰ কৰি সুষমা স্বৰাজক টুইটাৰযোগে আজি সুধিছিল চাইনিয়ে। এঘণ্টাতে ২২০০ ৰো অধিক ৰিটুইট হোৱা আৰু ৪৫০০ ৰো অধিক লাইক লাভ কৰে এই পোষ্টটোৱে। 

কৰণতো বাদেই, কোনেও হয়তো ভবা নাছিল যে বৈদেশিক মন্ত্ৰীগৰাকীয়ে ইয়াৰে উত্তৰ দিবলৈ আহৰি উলিয়াব। পিছে উত্তৰ আহিল। সততে টুইটাৰত সক্ৰিয় মন্ত্ৰীগৰাকীয়ে তিনিঘণ্টাৰ পিছতে উত্তৰ দিলে চাইনিক। 

'আপুনি মঙল গ্ৰহত ফঁচি থাকিলেও ভাৰতীয় দূতাবাসে সহায়ৰ হাত আগবঢ়াব।’ -এনেদৰে মন্তব্য কৰে বৈদেশিক মন্ত্ৰীগৰাকীয়ে।