লংকাঃ নগাঁৱৰ প্ৰাক্তন আলফাক মাৰধৰ কৰা ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপ নেতা প্ৰফুল্ল কুমাৰ মহন্তই৷ হোজাই জিলাৰ লংকাত আজি কথা প্ৰকাশ কৰিলে মহন্তই৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আজি পুৱা দহ বজাত লংকাৰ উদালীস্থিত এ এচ বি চি মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয় খনৰ খেল পথাৰ উন্নয়ণৰ আধাৰশিলা স্থাপন কৰে৷

১৫ লাখ ২০ হাজাৰ টকাৰে উন্নয়ণ কৰা হ’ব খেল পথাৰ খন৷ উদালী এ এচ বি চি মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই গৈ নিজকে সমাজত প্ৰতিষ্ঠিত হবলৈ আহ্বান জনায়৷ নৱাগত আদৰণি সভাত অংশগ্ৰহণৰ পিছত সাংবাদিকৰে মুখামুখি হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দুদিন পূৰ্বে নগাঁৱত সংঘটিত হোৱা ব্যৱসায়ী আৰু প্ৰাক্তন আলফাৰ মাজৰ সংঘৰ্ষৰ নিৰপেক্ষ তদন্তৰ দাবী কৰে৷

পঞ্চায়ত নিৰ্বাচন, হিন্দু বাংলাদেশীৰ সমস্যা তথা দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় নিৰ্মাণৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সংগ দিয়ে পশ্চিম উদালী আঞ্চলিক পঞ্চায়তৰ সদস্য আনোৱাৰ হুছেইন তথা এ এচ বি চি কলেজৰ অধ্যক্ষ ইদ্ৰিছ আলীয়ে৷