শিলচৰঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱৰ আজি শিলচৰৰ নিজ বাসগৃহত মৃত্যু হয়। ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে। দীৰ্ঘদিন ধৰি বৃক্ক আৰু আন ৰোগত আক্ৰান্ত হৈ আছিল বৰ্তমান শিলচৰ লোকসভা সমষ্টিৰ সাংসদ সুস্মিতা দেবৰ পিতৃগৰাকী।

'আজি পুৱা ৬.০৬ মিনিটত দেউতাই আমাক এৰি যায়।’- শিলচৰৰ পৰা পিটিআইক এইদৰে কয় তেওঁৰ কন্যা কংগ্ৰেছ সাংসদ সুস্মিতা দেৱে। সাতবাৰকৈ সাংসদ নিৰ্বাচিত হোৱা কংগ্ৰেছ নেতাজনে মৃত্যুৰ সময়ত পত্নীৰ লগতে সাংসদ সুস্মিতাসহ ৪ কন্যাক এৰি থৈ যায়।

১৯৮০ চনত পোন প্ৰথমবাৰৰ বাবে সংসদলৈ নিৰ্বাচিত হৈছিল সন্তোষ মোহন। ৭টাকৈ কাৰ্যকালৰ ভিতৰত তেওঁ অসমৰ শিলচৰক ৫বাৰকৈ প্ৰতিনিধিত্ব কৰিছিল। দুবাৰকৈ তেওঁক প্ৰতিনিধিত্ব কৰিছিল ত্ৰিপুৰাক।

১৯৮৬-১৯৮৮ আৰু ১৯৮৮-১৯৮৯ত তেওঁ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯১ চনত পিভি নৰসিংহ ৰাওৰ কাৰ্যকালত তীখা দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰাক্তন মন্ত্ৰীজনৰ মৃত্যুত বৰাক উপত্যকাৰ লগতে সমগ্ৰ অসমত শোকৰ ছাঁ পৰিছে। অসম চৰকাৰে ইতিমধ্যে তেওঁৰ মৃত্যুত ৰাজ্যিক শোক ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও গভীৰ শোক প্ৰকাশ কৰিছে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত।

শোক প্ৰকাশ কৰিছে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, উপসভাপতি ৰাহুল গান্ধীয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে এপিচিচিৰ সভাপতি ৰিপুণ বৰায়ো তেওঁৰ মৃত্যুক অপূৰণীয় ক্ষতি আখ্যা দিয়ে।