ৰঙিয়াঃ কামৰূপৰ ৰঙিয়া চহৰত স্থাপন হ’ব সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ আৱক্ষ প্ৰতিমূৰ্তি৷ শুকুৰবাৰে প্ৰতিমূৰ্তি স্থাপনৰ আধাৰশিলা স্থাপন কৰে সুকন্ঠী গায়িকা সুদক্ষিণা শৰ্মাই৷ ৰঙিয়া মুৰৰাত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰি সুকন্ঠী গায়িকা সুদক্ষিণা শৰ্মাই গীত গাই সকলোকে আপ্লুত কৰে ৰাইজক৷

কামৰূপ জিলা পৰিষদৰ অনুদানৰে নিৰ্মাণ হ’ব সুধাকন্ঠৰ প্ৰতিমূৰ্তি৷ ৰঙিয়া মুৰৰাত শুকুৰবাৰে দিনৰ ১১.৩০ বজাত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰাৰ পিছতে এখন সভা অনুষ্ঠিত হয়।

শিল্পী পেঞ্চন প্ৰাপ্ত তথা ৰঙিয়াৰ বিশিষ্ট নাট্যকাৰ নৰেন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত শিল্পী সুদক্ষিণা শৰ্মা আৰু পুত্ৰ ঋষিৰাজ শৰ্মাই সুধাকন্ঠ ভূপেন হাজৰিকাৰ স্মৃতিত দুটি গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।

অনুষ্ঠানটোত আধাৰশিলা অনুষ্ঠানটোৰ সৈতে সংগতিৰাখি শিল্পী সুদক্ষিণা শৰ্মাই ভাষণৰ মাজেৰে সুধাকন্ঠগৰাকীৰ জীৱনৰ কিছু আভাস দিয়ে। আনহাতে আধাৰশিলাৰ স্থাপনৰ অনুষ্ঠানটোত কামৰূপ জিলা পৰিষদৰ সভাপতি দেৱব্ৰত কলিতা, কামৰূপ জিলাৰ মূখ্য কাৰ্য্যবাহী বিষয়া জুৰী দলৈ, মুক্তিযোদ্ধা কৃষ্ণ লহকৰৰ লগতে কামৰূপ জিলা পৰিষদৰ কেইবাজনো বিষয়-ববীয়া উপস্থিত থাকে৷