খেৰণিঃ কাৰ্বি পাহাৰত এতি আধাৰশিলাৰ জোৱাৰ উঠিছে৷ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাৰীৰ পৰা কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্য কোনেও যেন পিছ পৰি থকা নাই৷ যোৱা প্ৰায় ২০ দিনত কাৰ্বি পাহাৰত প্ৰায় প্ৰায় তিনিশ আঁচনিৰ আধাৰ শিলা স্থাপন কৰা বুলি জানিব পা গৈছে৷ তাৰ মাজতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় ৮নং হামৰেণ সমষ্টিৰ বিভিন্ন প্ৰান্তত ২০ খনতকৈ অধিক আচঁনিৰ আধাৰশিলা স্থাপন কৰে৷ যোৱা ২৪ ঘন্টাত ৮নং হামৰেণ সমষ্টিৰত আধাৰশিলা স্থাপন অব্যাহত আছে৷

শুকুৰবাৰৰ পিছত শনিবাৰে এম জি এনৰেগা আচঁনিৰ অধিনত থাৰৱে-ছেৰ'পৰ বৰ্মণ ইংহি গাৱঁত ভূমি উন্নয়ণ আৰু ইংহি টক্‌বি গাঁৱত ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প, কলঙাত ৱাটাৰ হাৰ্ভেষ্টিং, কুথেপি ৰং-আপাম গাঁৱত ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থা, চিটুংলাংছ'ত ক্ষুদ্ৰ জলসিঞ্চন, অসম চৰকাৰৰ অধিনত আৱন্টিত এককালীন বিশেষ গ্ৰান্ট আচঁনিৰ জৰিয়তে ডংকামোকামৰ লং-ছ’দ প্ৰাথিমক বিদ্যালয়ৰ খেলপথাৰ উন্নয়ণ, এম জি এনৰেগা আচঁনিৰ অধিনত লং-ছ’দৰ হাৱে-তিমুং গাঁৱত ফাৰ্ম পণ্ড নিৰ্মাণ, নক্‌টেৰাং গাঁৱত ভূমি উন্নয়ণৰ কামৰ আধাৰশিলা স্থাপন কৰে৷

ইমানে নহয় হামৰেণ চহৰৰ ফোং-আপাম খেলপথাৰ নিৰ্মাণ, শিক্ষা বিভাগৰ অধিনত ৰং-কাৰ্বিত অৱস্থিত ৰং-কাৰ্বি ইংলিছ হাই স্কুলৰ শিক্ষক আৱাসগৃহ নিৰ্মাণ, হামৰেণ-নংক্ৰং গাঁও সংযোগী পথত কালভাৰ্ট সংস্থাপন, ৰংচিন্দনত পথ নিৰ্মাণ, পৰ্ব্বতৰ নংক্ৰং ইংতি গাঁৱত ভূমি উন্নয়ণ, পৰ্ব্বত ইংতি গাঁৱত ফাৰ্ম পণ্ড, ৰং-কাৰ্ৱি গাঁৱত ভূমি উন্নয়ণ, ৰং-কিমি, আমচেলামকে ধৰি বিভিন্ন স্থানত মুঠ ২০ খনতকৈ অধিক আঁচনিৰ আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰে৷

আধাৰশিলা স্থাপন কাৰ্যসূচীত চিনথং উন্নয়ণ খণ্ডৰ বিষয়-ববীয়া আৰু ৰংখাং উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া শশিকান্ত তিমুং, কনিষ্ঠ অভিযন্তা, গ্ৰাম সেৱককে আদি কৰি কাৰ্বি পৰিষদৰ অধিনত থকা কৃষি বিভাগৰ প্ৰাক্তন বৰ্ড অধ্যক্ষ বিদ্যাছিং টেৰন, পৰিষদীয় হামৰেণ সমষ্টিৰ গাঁও উন্নয়ণ সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ, প্ৰাক্তন অধ্যক্ষ জয়ছিং ৰংহাং, বিৰেনছিং তিছ’, পশ্চিম কাৰ্ৱি আংলং জিলা বিজেপিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, ৰংখাং ব্লক বিজেপিৰ সভাপতি মংগলছিং বে, আৰছং ৰংহা, জুৱেলচন টক্‌বিকে উপস্থিত থাকে৷ কাৰ্বি পৰিষদৰ সদস্য তিমুঙে আধাৰশিলা স্থাপন কৰি কাৰ্বি পৰিষদীয় নিৰ্বাচনত আমি ৰাইজৰ ওচৰত দিয়া প্ৰতিশ্ৰুতি বিজেপি চৰকাৰখনে আখৰে আখৰে পূৰণ কৰিব বুলি কয়৷

হামৰেণ সমষ্টিত দুটাকৈ স্থানত দুখনকৈ ওলমা দলং নিৰ্মান কৰা হ’ব বুলিও ৰাইজক জানিবলৈ দিয়ে৷ উল্লেখযোগ্য যে এইদৰে দুদিন ধৰি ইতিমধ্যে আধাৰশিলা স্থাপন কৰা মুঠ ৪৩ খনকৈ আচঁনি ৰূপায়ণৰ বিপৰীতে মুঠ ডেৰ কোটী টকা ব্যয় ধাৰ্য কৰা হৈছে বুলি সশ্লিষ্ট বিষয়-ববীয়াই জানিবলৈ দিয়ে ৰাইজক৷