
নলবাৰীঃ মঙলবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ক্ষুদ্ৰকুলহাটী-সোনকাণি গড়কাপ্তানী পথত এখন দলঙৰ অাধাৰশিলা স্থাপন কৰে বিধায়ক নাৰায়ণ ডেকাই। ৰাইজৰ উপস্থিতিত অাধাৰশিলা স্থাপন কৰি বিধায়ক নাৰায়ণ ডেকাই চৰকাৰে সকলো পৰিবৰ্তন কৰিব বুলি কয়।
বৰক্ষেত্ৰী সমষ্টিৰ অধিক উন্নয়ণ হ’ব বুলি কৈ পৰিবৰ্তন কৰিব বিচাৰিছো আৰু এই পৰিবৰ্তন ৰাইজে দেখা পাবলৈ আৰম্ভ কৰিছে বুলি কয়৷ উন্নয়ন-বিকাশেৰে সমগ্ৰ ৰাজ্য তথা বৰক্ষেত্ৰী সমষ্টিও আগবাঢ়িছে। আগন্তুক সময়ত সুফল ৰাইজে পাব৷
পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনত ৰাইজে বিজেপিক মুকলিকৈ সমৰ্থন জনাওঁক। গ্ৰাম্যঞ্চলৰ উন্নয়ন অধিক হ’ব লাগিলে পঞ্চায়তৰ প্ৰতিনিধি সমূহ শাসক দলৰ হলে ভাল বুলিও কয়৷ আধাৰশিলা স্থাপন কাৰ্যসূচীত ৰাজ্যিক কিষান মৰ্চাৰ সম্পাদক লক্ষী কলিতা, বিজেপি নেতা সুৰেন্দ্ৰ নাথ ভূঞাঁ উপস্থিত থাকে৷