নলবাৰীঃ নলবাৰী সমষ্টিৰ অন্তৰ্গত নাহেৰবাৰিত এটা জিৰণি চ'ৰা আৰু বালিতাৰাত এটা ৰাজহুৱা শৌচাগাৰৰ আধাৰশিলা স্থাপন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই৷

এফএফচি আঁচনিৰ অধিনত নিৰ্মাণ হ’ব জিৰণি চ'ৰা আৰুৰাজহুৱা শৌচাগাৰটো৷ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা, স্থানীয় পঞ্চায়ত সভাপতি আজিজুৰ ৰহমান যুৱ নেতা চন্দন ডেকা, ডিম্বেশ্বৰ বেজবৰুৱা, মৃদুল কলিতা সহ বহু সংখ্যক ৰাইজৰ উপস্থিতিত বিধায়কে আধাৰশিলা স্থাপন কৰে।