
ৰঙিয়াঃ ৰঙিয়া প্ৰেছ ক্লাবৰ গ্ৰন্থগাৰ বিল্ডিংৰ এক মাংলিক কাৰ্যসূচীৰে আধাৰশিলা কৰা হয়। ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ বিধায়ক পুজিৰ তিনি লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া বিল্ডিংৰ সোমবাৰে আধাৰশিলা স্থাপন কৰে বিধায়ক কলিতাই।
আনুষ্ঠানিক ভাবে কৰা আধাৰশিলা অনুষ্ঠানত বিধায়কগৰাকীৰ লগতে ৰঙিয়াৰ জ্যেষ্ঠ নাগৰিক নৰেন শৰ্মা, সাংবাদিক তাৰিণী কলিতা, ৰঙিয়াৰ যুৱ নেতা সুৱল পালৰ লগতে ৰঙিয়া প্ৰেছ ক্লাবৰ সদস্য উপস্থিত থাকে। ৰঙিয়া প্ৰেছ ক্লাবে বিধায়ক পুজিৰে নিৰ্মাণ হোৱাৰ পিছত গ্ৰন্থগাৰৰ তিনি মহলীয়া বিল্ডিংটো সম্পূৰ্ণ হৈ উঠিলে নিশ্চয় সকলোৱে উপকৃত হব।