
মঙলদৈঃ মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে দেওবাৰে মঙলদৈ-দীঘিৰপাৰ গড়কাপ্তানী পথ নিৰ্মাণৰ শুভাৰম্ভ কৰে৷ সমষ্টিটোৰ অন্যতম ব্যস্ত পথটো দীৰ্ঘ সময় ধৰি মেৰামতি নকৰাত যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছিল৷
১১ কিঃ মিঃ দৈৰ্ঘৰ পথটো পথ মেৰামতি আৰু পুনঃ নিৰ্মাণৰ বাবে ২ কৌটি ৮০ লাখ টকা আৱন্টন দিয়ে চৰকাৰে৷ কাৰ্যসুচীত মঙলদৈ গড়কাপ্তানী বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে। সভাত বিধায়ক গুৰুজ্যেতি দাসে আগন্তুক দিনত জৰাজীৰ্ণ ৰাস্তা সমূহ নিৰ্মাণ কৰা হ’ব বুলি কয়৷