26
Nov
2017

নলবাৰীঃ নলবাৰীৰ নমাটিত ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু আন দুখন আঁচনিৰ আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই।
অনুষ্ঠানত নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, পূৱ নলবাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰদীপ চৌধুৰী, স্থানীয় পঞ্চায়ত সভাপতি প্ৰনিতা ৰাজবংশী, বিজেপি নেতা কমলেশ্বৰ ৰাজবংশী, খগেন ডেকা, ডিম্বেশ্বৰ বেজবৰুৱা সহ কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে।
যুৱ নেতা অঞ্জন তালুকদাৰে আতঁ ধৰা অনুষ্ঠানত বিধায়ক অশোক কুমাৰ শৰ্মাই ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ তথা বিধায়ক হিচাপে তেওঁ নলবাৰী সমষ্টি সকলো দিশতে আগবাঢ়ি যোৱাৰ বাবে কাম কৰি আছো। সমষ্টিবাসী ৰাইজে মাথো সহযোগ কৰক।