02
Nov
2017

নগৰবেৰাঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ দক্ষিণ বৰপেটা জিলা সমিতিৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে আলোপতি-মাজৰচৰ বজাৰ সমিতিৰ সভাপতি নৌসাদ আলী বেপাৰীয়ে। বৃহস্পতিবাৰে পুৱাই আলোপতি মাজৰচৰ বজাৰ প্ৰাংগনত আধাৰশিলা স্থাপন অনুষ্ঠান অনুষ্ঠিত হয়৷
আধাৰশিলা স্থাপন কাৰ্যসূচীত দক্ষিণ বৰপেটা জিলা আমছুৰ উপদেষ্টা নজৰুল ইছলাম, উপ-সভাপতি জেহেৰুল ইছলাম, দক্ষিণ বৰপেটা জিলা আমছুৰ সভাপতি আজিজুল হক, লুইতপৰীয়া মহাবিদ্যালয়ৰ প্ৰৱক্তা ওৱাহাব, আলোপতি মাজৰচৰ এম ই স্কুলৰ শিক্ষক সাৱান আলি আহমেদকে ধৰি আমছুৰ আঞ্চলিক আৰু জিলা সমিতিৰ শতাধিক কৰ্মীয়ে অংশ লয়৷