আমগুৰিঃ আধাৰশিলা ভঙাৰ ৰাজনীতিত গৰম হৈ পৰিছিল ৰাজ্য৷ কেইটামান মাহ পুৰ্বে ৰাজ্যৰ কেইবা খনো জিলাত পুৰ্বৰ কংগ্ৰেছ চৰকাৰে স্থাপন কৰা আধাৰশিলা ভাঙি পেলাইছিল দুৰ্বত্তই৷ যাৰ ফলত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ শিৱসাগৰ, দৰং আদি জিলাত এনে ঘটনা সংঘটিত হৈছিল৷

কিন্তু এইবাৰ আধাৰশিলা কোনেও ভাঙিব লগা হোৱা নাই৷ এইবাৰ আধাৰশিলা নিজে নিজে ভাঙি পৰিছে৷ শিৱসাগৰ জিলাৰ ১০৩নং আমগুৰি বিধান সভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই চমক সৃষ্টিৰ বাবে এদিনতে ২৯টাকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰিছিল৷

খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত চিন্তামনি গড়তো খনামুখৰ-টিপমীয়া চিন্তামণি গড় সংযোগী পথ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল। বিধায়ক প্ৰদীপ হাজৰিকাই প্ৰায় ৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা পথটোৰ আধাৰশিলা সামান্য বৰষুণতে আধাৰশিলাৰ ফলক ভাঙি পৰে৷ এই খবৰ প্ৰচাৰ হোৱাৰ পিছতে চৰ্চাৰ বিষয় হৈ পৰে৷ উন্নয়নৰ প্ৰকৃত স্বৰূপটো আধাৰশিলাই দেখুৱালে বুলি ব্যাপক চৰ্চা হয়৷

একাধিক বাৰ আমগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বিধায়ক প্ৰদীপ হাজৰিকাই স্থাপন কৰা আধাৰশিলাৰ অৱস্থাই যদি এনে হয়, সমষ্টিটোৰ সামগ্ৰিক উন্নয়নৰ ছবিখন নিশ্চয়কৈ স্পষ্ট হৈ পৰিছে বুলি বিৰোধিয়ে কটুক্তি কৰা পৰিলক্ষিত গৈছে। সমষ্টিটোৰ বহু পথৰ দুৰৱস্থাই সম্প্ৰতি জ্বলা-কলা খাই আহিছে ৰাইজে। তাৰ পিছতো অব্যাহত হৈ আছে বিধায়কগৰাকীৰ আধাৰশিলাৰ চমক।