
খেৰণিঃ কাৰ্বি আংলং জিলৰা বৈঠালাংছ বিধানসভা সমষ্টিৰ তথা ৮নং হামৰেণ সমষ্টিৰ শুকুৰবাৰে কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি পৰিষদৰ সদস্য মংগলছিং তিমুঙে৷ লৰংখাং উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া শশিকান্ত তিমুং, কনিষ্ঠ অভিযন্তা, কাৰ্বি পৰিষদৰ অধিনত থকা কৃষি বিভাগৰ প্ৰাক্তন বৰ্ড অধ্যক্ষ বিদ্যাছিং টেৰন, পৰিষদীয় হামৰেণ সমষ্টিৰ গাঁও উন্নয়ণ সমিতিৰ অধ্যক্ষ ক্ৰমে ছাৰছিং ফাংছ, প্ৰাক্তন অধ্যক্ষ জয়ছিং ৰংহাং, বিৰেনছিং তিছ’, পশ্চিম কাৰ্ৱি আংলং জিলা বিজেপিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, ৰংখাং ব্লক বিজেপিৰ সভাপতি মংগলছিং বে, আৰছং ৰংহা, জুৱেলচন টকবিৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে মংগলছিং তিমুঙে৷
ৰংখাং উন্নয়ণ খণ্ডৰ অধিনৰ এমজিএনৰেগাৰ ২০১৭-১৮ বিত্তীয় বৰ্ষৰ ডেৰামোকামৰ গড়কাপ্তানী পথ-বৰ্মন ফাংছ’ গাও সংযোগী পেভাৰ্চ ব্ল’ক পথ, হাৰলংচ’ৰা ইংহি হাৱে গাঁৱত অৱস্থিত হাৰলংচ’ৰা ইংলিছ এল পি স্কুলৰ খেলপথাৰ উন্নয়ণ, হাৰলংচ’ৰা বাজং-ৰংহাং গাঁৱত ৱাটাৰ কঞ্জাৰভেচন ব্যৱস্থা, হাৰলংছেৱাট প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰ উন্নয়ণ, থাৰ্ৱে-চেৰপ গাঁৱত ৱাটাৰ পণ্ড ব্যৱস্থা, দেৰাৰল্কৰ বেলেন্দী গাঁৱত ৱাটাৰ হাৰ্ভেষ্টিং ব্যৱস্থা, দেৰাৰল্কত এটি ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থা, আৰছঙত ৰাজহুৱা মৈদাম উন্নয়ণৰ লগতে ৰং টেৰাং-থংজা সংযোগী পেভাৰ্চ ব্ল’ক পথৰ আধাৰশিলা স্থাপন কৰে৷ ৮ নং হামৰেণ সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত ক্ৰমান্বয়ে এটাৰ পাছত আনটোকৈ সমস্যাৰ সমাধান কৰি ৰাইজৰ দাবী আৰু আশা পূৰণ কৰি যাব বুলি কয় মংগলছিং তিমুঙে৷