খেৰণিঃ পাহাৰীয়া জিলাত আধাৰশিলা স্থাপনৰ জোৱাৰ উঠিছে৷ মুখ্য কাৰ্যবাহীৰ পৰা আৰম্ভ কৰি, কাৰ্যবাহী, সাধাৰন সদস্যলৈকে সকলো এতিয়া ব্যস্ত আধাৰশিলা স্থাপনত৷ দেওবাৰে পুনৰ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ৬নং বিথুং-ৰেংথেমা পৰিষদীয় সমষ্টিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে কেইবাটাও আধাৰশিলা স্থাপন কৰে৷

জিলা গ্ৰামোন্নয়ণ অভিকৰণৰ অধিনত ৰংখাং উন্নয়ণ খণ্ডৰ আৰ্টুকেকাং এম ই স্কুলৰ পৰা ৰংমী টেৰাং সংযোগী পেভাৰ্চ ব্ল’ক পথ, খান্দাজান তিনিআলি-ৰংচিনুটক সংযোগী পেভাৰ্চ ব্ল’ক পথ, মেনমেজী গড়কাপ্তানী পথ-বিলাছপুৰী গাঁও সংযোগী পেভাৰ্চ ব্ল’ক পথ, কপিলী নদী-ফাংঠেংফ্ৰাং এম ই স্কুল সংযোগী পেভাৰ্চ ব্ল’ক পথৰ আধাৰশিলা স্থাপন কৰে তুলিৰাম ৰংহাঙে৷

কেৱল ইমানে নহয় ২০১৭-১৮ বিত্তীয় বৰ্ষৰ ধনেৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ অধিনত নিৰ্মাণ হ’বলগীয়া নাম-তৰাডুবী গড়কাপ্তানী পথৰ পৰা দ’গাওঁলৈ কনক্ৰীট ব্লক পেভমেন্ট পথৰো আধাৰশিলা স্থাপন কৰে৷ এককালীন বিশেষ গ্ৰান্টৰ জৰিয়তে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ খান্দাজানত এখন মুকলি মঞ্চ নিৰ্মাণ আৰু খান্দাজান অভে’ চিনদন ক্লাৱৰ চৌহদৰ দেৱাল নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷

আধাৰশিলাৰ স্থাপন কৰি মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি আংলঙৰ লগতে ৬নং বিথুং-ৰেংথেমা পৰিষদীয় সমষ্টিৰ বিভিন্ন সমস্যা সমাধান কৰি ৰাইজৰ দাবী আৰু আশা পূৰণ কৰি যাব বুলি কয়৷ প্ৰতিটো সমস্যাক গুৰুত্ব প্ৰদান কৰি কাৰ্বি আংলঙত সৰ্বাংগিন উন্নয়ণ আৰু বিকাশৰ দূৰ্গ গঢ়ি ৰাজ্যৰ প্ৰতিখন জিলাৰে দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিম বুলিও কয় ৰংহাঙে৷

দেওবাৰে বৃহত্তৰ খান্দাজান, মেনমেজী, ডংকামোকাম, নাম-তৰাডুবী আদি স্থানত কেইবাটাও আধাৰশিলা স্থাপন কৰে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে৷ আনহাতে তৰাডুবীত প্ৰধানমন্ত্ৰী উজ্বলা যোজঁনাৰ ৰন্ধন গেছ আৰু চাউল বিতৰন কৰে ৰংহাঙে৷ কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদৰ অধ্যক্ষ হৰেনছিং বে’, স্থানীয় বিধায়ক ডাঃ মানছিং ৰংপি আৰু পৰিষদীয় সদস্য ৰামছিং তিমুঙে সংগ দিয়ে ৰংহাংক৷