খেৰণিঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ দুৱাৰ-আমলা পৰিষদীয় সমষ্টিত দেওবাৰে কেইবাখনো আঁচনিৰ শিলান্যাস স্থাপন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে।

আমৰি আৰু চিংথং উন্নয়ন খণ্ডৰ এলেকাত দুৱাৰ-আমলা সমষ্টিত ৩ কোটি টকাৰে ৰাজাগাঁও-বৰকক সংযোগী বি এইচ ডি ভি পথ নিৰ্মাণ, এম জি এনেৰেগাৰ অধিনত কমাৰফা গড়কাপ্তানী পথ-কমাৰফা গাঁও সংযোগী পথ নিৰ্মাণ, বৰকক গড়কাপ্তানী পথ-বুঢ়া বে’ গাঁও সংযোগী পেভাৰচ ব্লক পথ নিৰ্মাণ, হাতীগাঁও গড়কাপ্তানী পথ-চৌহান ৰংপি গাঁৱলৈ পেভাৰচ ব্লক পথ নিৰ্মাণ, এম জি এনেৰেগা আঁচনিৰ ২০ লাখ টকা ব্যয়ৰে ভকচঙ গড়কাপ্তানী পথ-হাঞ্চে গাঁও প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ লগতে ৰেচম বিভাগৰ এটি অতিথিশালা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহীয়ে৷

পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ হৰেনছিং বে, পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি অৰুণ টেৰাং, পৰিষদীয় সদস্য দৰছিং ৰংহাং, ৰামছিং তিমুং, মংগলছিং তিমুং, প্ৰভাত টাৰ', লুনছিং টেৰণ উপস্থিত থাকে৷ কাৰ্যসূচীৰ মাজতেই ভকচঙত পালন কৰা বিশ্ব বিকালংগ দিৱসত অংশ লৈ তুলিৰামে বিকলাংগ কিশোৰ-কিশোৰীৰ বাবে বিশেষ আঁচনিৰ জড়িয়তে সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

প্ৰতিখন আঁচনিৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উপস্থিত ৰাইজক চৰকাৰে প্রদান কৰা আঁচনিসমূহ নিজৰ অমূল্য সম্পদ বুলি গণ্য কৰি যত্নৰে ৰূপায়িত কৰিব লাগিব বুলি কয়। আঁচনিৰ বিপৰীতে আৱন্টিত ধন যাতে কোনো প্ৰকাৰে অপচয় নহয় তাৰ ওপৰত চকু দিবলৈ আহ্বান জনায় মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে।

সঁচাকৈ যদি আমাৰ ৰাইজে নিৰীক্ষণৰ মাজেৰে এই দিশসমূহ গুৰুত্ব সহকাৰে লয়, তেতিয়া আমাৰ সমাজখন আৰু আমাৰ সমষ্টিৰ ৰাইজে নিশ্চিতভাৱে উন্নয়ন আৰু বিকাশৰ এখন আকৰ্ষণীয় বাস্তৱ ছবি দেখিবলৈ পোৱাৰ সুযোগ পাব বুলি উল্লেখ কৰে ৰংহাঙে। ৰংহাঙে লেঙেৰিত অনুষ্ঠিত হোৱা প্রয়াত ধ্বনিৰাম ৰংপি সোঁৱৰণি ফুটবলৰ চুড়ান্ত খেল উপভোগ কৰাৰ লগতে বিজয়ী দলক বঁটা প্ৰদান কৰে।