Image for Representation
Image for Representation

নগাঁওঃ নগাঁৱৰ ৰাজ পথত উদ্ধাৰ হৈছে লাখটকীয়া চিপছ৷ চহৰখনৰ বৰঘাট বাইপাছত বৰঘাট আৰক্ষীয়ে উদ্ধাৰ কৰে লাখ টকীয়া চিপছৰ ৬টাকৈ বেগ৷ পিছে বৰঘাট আৰক্ষীয়ে জব্দ কৰা চিপছসমূহ খাব পৰা নাযায়৷

অগৰু গছৰ টুকুৰা চিপছ সজাই ৬ টা বেগত ভৰাই চাৰিজন লোকে এখন এল্ট' গাড়ীৰে লৈ আহি থকা অৱস্থাত আৰক্ষীৰ হাতত ধৰা পৰে।

প্ৰাপ্ত বাতৰি মতে, গোপন সূত্ৰৰ পম খেদি শিলচৰৰ পৰা হোজাইলৈ গৈ থকা অৱস্থাত বৰঘাট আৰক্ষীয়ে বৰঘাট বাইপাছত এ এছ ১০ এ ৯০৯৮ নম্বৰৰ এল্ট গাড়ীখন ৰবলৈ নিৰ্দেশ দিয়ে। গাড়ীখন ৰোৱাৰ পিছতে তালাচীৰ অন্তত চিপছৰ দৰেকৈ চেপেটা কৰি অনা অগৰু গছৰ টুকুৰা ভৰ্তি ৬টা বেগ আৰক্ষীয়ে প্ৰত্যক্ষ কৰে।

লগে লগে আৰক্ষীয়ে গাড়ীসহ অগৰুৰ চিপছসমূহ জব্দ কৰাৰ লগতে গাড়ীখনত থকা ৪জন লোককো কৰায়ত্ত কৰে। ধৃত লোক কেইজন হৈছে কৰিমগঞ্জৰ নজৰুল ইছলাম, হোজাইৰ মুক্তাৰ হুচেইন, কৰিমগঞ্জৰ মুজামিল আলি আৰু হোজাইৰ আহমদ উদ্দিন।

প্ৰায় ৭৮ কেজি ওজনৰ জব্দকৃত এই অগৰু গছৰ চিপছৰ মূল্য প্ৰায় ৩ লাখ টকা হ'ব বুলি জানিব পৰা গৈছে। পিছত বৰঘাট আৰক্ষীয়ে নগাঁও বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ অগৰু গছৰ চিপছৰ বেগসহ ধৃত চাৰিজন লোকক নিজৰ জিম্মাত লয়।