লংকাঃ লামডিঙত ৬ দিন পূৰ্বে সংঘটিত নৃশংস ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত ৪জন দুধৰ্ষ অপৰাধীক আজি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ধৃত লোক কেইজন হৈছে মণিলাল দাস, চন্দন দাস, সুচেন্দ্ৰ দাস আৰু সুদীপ দাস। 

যোৱা ১২ জুলাইত সন্ধানহীন হোৱা লামডিঙৰ ১নং হাতীখুলিৰ জংঘলত নিৰ্জলা দাস নামৰ এগৰাকী মহিলাৰ মৃতদেহ এদিন পিছত অৰ্থাৎ ১৩ জুলাইত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল। মৃতদেহ প্ৰত্যক্ষ কৰি মহিলাগৰাকীক দুৰ্বৃত্তই দলবদ্ধভাবে ধৰ্ষণ কৰি মাটিত পুতি থোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে। 

ঘটনা সন্দৰ্ভত লামডিং আৰক্ষীয়ে ১২৮/১৭ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল যদিও দুৰ্বৃত্তৰ দলটোৰ সন্ধান  লাভ কৰা নাছিল।অবশেষত আজি লামডিং আৰক্ষীৰ জালত পৰে মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা চাৰিজন দুধৰ্ষ অপৰাধী। অপৰাধী কেইজনে আৰক্ষীৰ সন্দেহ সত্য প্ৰমাণিত কৰি মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে।

ধৃত আটাইকেইজনে আৰক্ষীৰ আগত স্বীকাৰ কৰে যে তেওঁলোকেই যোৱা ১২ জুলাইত মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰি মাটিত পুতি থৈছিল। আৰক্ষীৰ আগত পাষণ্ড লোককেইজনে সমগ্ৰ ঘটনাৰ যি বৰ্ণনা দিছিল সেয়া অছিল গাৰ নোম শিয়ৰি উঠা ধৰণৰ।

আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুযায়ী খৰি বিচাৰি যোৱা মহিলাগৰাকীক প্ৰথমে মণিলাল দাসে জংঘলত লগ পায়। পিছত মণিলালৰ লগ লাগে অপৰাধী সহযোগী  চন্দন, সুচেন্দ্ৰ আৰু সুদীপ। লম্পটকেইটাই জংঘললৈ মহিলাগৰাকীক নি উপৰ্যুপৰি ধৰ্ষণ কৰে। ফলত মহিলাগৰাকী অজ্ঞান হৈ পৰে।

অচেতন অৱস্থাতে মহিলা গৰাকীক চন্দন আৰু মণিলালে ডিঙি চেপি হত্যা কৰে। ইয়াৰ পিছত দুয়ো মিলি মহিলাগৰাকীৰ মুখমণ্ডলত কেৰাচিন ঢালি জ্বলাই দি শৰীৰত নিমখ, হালধি সানি মাটিত পুতি থয়।

এনে নৃশংস ঘটনা সংঘটিত কৰা লম্পটকেইটাক আটক কৰিবলৈ সমৰ্থ হোৱাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। স্থানীয় ৰাইজে লম্পটকেইটাক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আৰক্ষী-প্ৰশাসনক দাবী জনাইছে। উল্লেখ্য যে জিলাখনৰ যমুনামুখত কেইদিনমান পূৰ্বে এগৰাকী শিক্ষয়ত্ৰীক দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰিছিল। উক্ত ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই সংঘটিত এই ঘটনাই সকলোকে ভবাই তুলিছে।