13
Jul
2017

বঙাইগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাড়ী চুৰি চক্ৰই সন্ত্ৰাস সৃষ্টি কৰি অহাৰ সময়তে আজি বঙাইগাঁৱৰ জিলা সত্ৰ ন্যায়াধীশে গাড়ী চুৰি চক্ৰৰ চাৰি অভিযুক্তক দিলে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়।
অভিযুক্তকেইজন হৈছে মাণিকপুৰৰ হানিফ আলী(২৪), আফজল হুছেইন(২৪), নুৰ ইছলাম(২৫) আৰু খাবিৰ আলী(২৭)।
ন্যায়াধীশ ইন্দিৰা বৰ্মনৰ বিচাৰপীঠে এই ৰায় দিয়ে। ৰায় অনুসৰি চাৰিওজনকে যাৱজ্জীৱন কাৰাদণ্ড আৰু প্ৰতিজনকে দহ হেজাৰ টকাৰ জৰিমনা বিহে।
জৰিমনা অনাদায়ে অতিৰিক্ত ছমাহৰ কাৰাবাস খাটিব লাগিব। চৰকাৰী পক্ষৰ হৈ যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা জয়শ্ৰী বৰুৱাই।
অভিযুক্তকেইজনে ২০১৩ চনত মানিকপুৰৰ পৰা এখন বলেৰো মেক্স ভাৰালৈ বুলি নি চালক হাফিজুৰ ৰহমানক হত্যা কৰি মেঘালয়ৰ উমিয়াম নামৰ ঠাইত পেলাই দিয়ে। পিচত গাড়ীখন ২-৪০ লাখ টকাত বিক্ৰী কৰিছিল।