11
Jun
2017

ডিজিটেল ডেস্কঃ ভাৰতত ১০ লাখ ৫২ হাজাৰ ভুৱা পানকাৰ্ড বিষয়টো উচ্চতম ন্যায়ালয়ে সহজভাৱে ল’বপৰা নাযাব বুলি উল্লেখ কৰিছে৷ এনে ভুৱা পান কাৰ্ডে দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলোৱাটো ধূৰূপ৷ এই মন্তব্য দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনৰ৷
এই পৰিমাণ দেশৰ মূঠ পান কাৰ্ডৰ ০.৪ শতাংশ৷ অৱশ্যে শতাংশৰ ফালৰপৰা তাকৰ হ’লেও বিষয়টো উলাই কৰিব পৰা নাযায় বুলি ন্যায়াধীশ অশোক ভূষণৰ নেতৃত্বাধীন বিচাৰপীঠ খনে মন্তব্য কৰে৷
দেশৰ ১১.৩৫ লাখ পাৰ্মানেণ্ট একাউণ্ট নম্বৰ ভুৱা৷ ১৫৭ পৃষ্ঠাৰ শুনানীখনত আধাৰ কাৰ্ডৰ বাবে পান কাৰ্ড বাধ্যতামূলক কৰাৰ সিদ্ধান্ত বাহাল ৰাখে ন্যায়ালয়ে৷