
লংকাঃ চাকৰি দিয়াৰ প্ৰলোভনৰে শিক্ষিত নিবনুৱাৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা এটা প্ৰবঞ্চকক মঙলবাৰে নিশা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। চৌদি আৰৱৰ মক্কা আৰু মদিনাৰ 'হজ খেদমত' পৰিচালনা কৰাৰ নামত লাখ লাখ টকা প্ৰবঞ্চনাৰে সংগ্ৰহ কৰা প্ৰবঞ্চকটোৰ নাম হ'ল প্ৰদীপ সৰকাৰ।
প্ৰবঞ্চকটোৱে চাকৰি দিয়াৰ নামতো শিক্ষিত নিবনুৱাক প্ৰলোভিত কৰি লাখ লাখ টকা লুণ্ঠন কৰিছিল বূুলি অভিযোগ আছে। হোজাই জিলাৰ লংকাৰ এই প্ৰবঞ্চকটোৱে নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ ঘৰ লৈ ‘পাপৰি জব কনচালটেন্সি’ নামৰ এটা প্ৰতিষ্ঠান খুলি ভূৱা নিযুক্তিৰ বেহা চলাইছিল।
প্ৰথম অৱস্থাত 'পাপৰি মেট্ৰমনি ডট কম' খুলি নগাঁও চহৰত বাহৰ পতা প্ৰদীপ সৰকাৰ নামৰ প্ৰবঞ্চকটোৱে হোজাই, লংকা, নীলবাগানৰ কেইবাজনো শিক্ষিত নিবনুৱাক প্ৰবঞ্চনা কৰিছে। প্ৰতিগৰাকী শিক্ষিত নিবনুৱাৰ পৰা ২০ হাজাৰ টকাকৈ মুঠ ১৮ লাখ টকা লুণ্ঠন কৰিছিল প্ৰবঞ্চকটোৱে।
তদুপৰি নগাঁও, হোজাইৰ একংশ যুৱকক ডুবাইত সংস্থাপন দিব বুলিও প্ৰবঞ্চকটোৱে প্ৰতিগৰাকীৰ পৰা কেইবা লাখকৈ টকা সংগ্ৰহ কৰিছিল বুলিও অভিযোগ উত্থাপন কৰে ভূক্তভূগী যুৱকে।
চাকৰি দিব নোৱাৰি দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকা প্ৰদীপ সৰকাৰক মঙলবাৰে হোজাইত একাংশ যুৱকে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে। আজি নগাঁও আৰক্ষীয়ে প্ৰদীপক গ্ৰেপ্তাৰ কৰি নগাঁৱলৈ আনি জেৰা অব্যাহত ৰাখিছে।