22
Aug
2017

কাকপথাৰঃ মাৰোৱাৰী যুৱ মঞ্চ ডুমডুমা আৰু কাকপথাৰ প্ৰেছ ক্লাৱৰ সহযোগত দিনযোৰা কাৰ্যসুচীৰে আজি পূৱাৰে পৰা বিনামুলীয় চকু কেটৰেক্ট পৰিক্ষা আৰু অস্ত্ৰোপচাৰ শিবিৰৰ আয়োজন কৰা হয়৷
ডা০ অমূল্য গোহাইৰ দ্বাৰা পৰীক্ষা কৰা চকু চিকিৎসা শিবিৰত বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক চকু ৰোগীয়ে চকু পৰীক্ষা কৰে৷ তিনিচুকীয় জিলা অন্ধতা নিয়ন্ত্ৰন সমিতিৰ নিমন্ত্ৰন ক্ৰমে কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত এই শিবিৰৰ আয়োজন কৰে৷
শিবিৰৰ মুকলি অনুষ্ঠানত মাৰোৱাৰি যুৱ মঞ্চৰ বিষয়ববীয়া, কাকপথাৰ প্ৰেছ ক্লাৱৰ বিষয় ববীয় আৰু অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷