বালিপৰাঃ শোনিতপুৰ জিলাৰ চাৰিদুৱাৰত বুধবাৰে জিলাখনৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত চৰিদুৱাৰ মৌজাৰ চাৰিদুৱাৰ, গড়মৰা, লোক্ৰা আৰু ভালুকমাৰী গাওঁ পঞ্চয়তৰ অন্তৰ্গত ৫০ গৰাকী দুখীয়া মহিলাক প্ৰধান মন্ত্ৰী উজ্বলা যোজনাৰ অধীনত বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰা হয়।

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এই ৰন্ধন গেছ সমূহ বিতৰণ কৰে। অনুষ্ঠানটোত অঞ্চলটোৰ ভালেসংখ্যক ৰাইজ তথা বেজেপি দলৰ নেতা কৰ্মী উপস্তিত থাকে।