04
Aug
2017

নগাঁওঃ সৰ্বভাৰতীয় মানৱ অধিকাৰ সংঘৰ অসম ৰাজ্যিক সমিতিয়ে আজি নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ লাওখোৱা মৌজাৰ বানাপীড়িত অঞ্চল শান্তিবজাৰত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে৷
চিকিৎসা শিবিৰটো আনুষ্ঠানিকভাবে মুকলি কৰে ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ যুটীয়া সম্পাদক প্ৰসন্ন কুমাৰ ৰয, সম্পাদক দেৱ কুমাৰ কলিতা, সচিব চন্দন জিৎ শৰ্মা, বিপ্ৰশ্ৰী ৰয় আৰু উপদেষ্টা তপন দেই৷
বিনামূলীয়া চিকিৎসা শিবিৰত বহু কেইগৰাকী অভিজ্ঞ চিকিৎসক উপস্থিত থাকি চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হয়৷
উল্লেখ্য যে লাওখোৱা মৌজাৰ ভূৰবান্ধা আৰু ভগামুখৰ বহু কেইখন গাঁও বানৰ কবলত পৰিছিল৷ বানৰ কবলত পৰা গাঁও কেইখনত সাম্প্ৰতি ৰাইজৰ মাজত বিভিন্ন ৰোগে দেখা দিছে৷ অতি পিছপৰা অঞ্চলটোত হোৱা এই চিকিৎসা শিবিৰে উপকৃত কৰা বুলি কৈ উদ্যোক্তাসকলক কৃতজ্ঞতা জনাই ৰাইজে৷