খেৰণিঃ ইণ্ডিয়ান ৰেড ক্ৰছ চ'ছাইটিৰ কাৰ্বি আংলং শাখাই বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ দুৰ্গম আৰচঙত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। আৰচঙত চিকিৎসকৰ দলে বিভিন্ন ৰোগৰ চিকিৎসা কৰি বিভিন্ন প্ৰকাৰৰ ঔষধ প্ৰদান কৰে৷ বৃহত্তৰ অঞ্চলটোৰ বহু ৰোগীক পৰীক্ষা-নিৰীক্ষা কৰি চিকিৎসা প্ৰদান কৰা দেখা যায় চিকিৎসকসকলে৷

মেলেৰিয়া, ডাইৰিয়া, পানীলগা, চৰ্মৰোগ আদিৰ ঔষধ প্ৰদান কৰাৰ লগতে ঔষধযুক্ত আঁঠুৱা, প্লাষ্টিক পাটী, কাঁহী-বাতি, গ্লাছ-চামুচ আদিও প্ৰদান কৰা পৰিলক্ষিত হয়। বিনামূলীয়া চিকিৎসা শিবিৰৰ সৈতে সংগতি ৰাখি আৰচং খেলপথাৰত অনুষ্ঠিত শিবিৰত চিকিৎসা বিষয়ক এখন মুকলি সভাও অনুষ্ঠিত হয়।

সভাত অংশ লয় ইণ্ডিয়ান ৰেড ক্ৰছ চ'ছাইটিৰ কাৰ্বি আংলং শাখাৰ অধ্যক্ষ তথা কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য সূৰ্য্য ৰংফাৰ, চ'ছাইটিৰ সম্পাদক বৰছিং ফাংছ', বৈঠলাংছ' বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপি, হামৰেণ পৰিষদীয় সমষ্টিৰ সদস্য মঙ্গলছিং তিমুং উপস্থিত থাকে৷ সভাত ৰাইজক উদ্দেশ্যে মঙ্গলছিং তিমুঙে সুস্থ দেহত সুস্থ মনৰ সৃষ্টি হয় বুলি কৈ আমি আমাৰ দৈনন্দিন কাম কাজ কৰি যাবৰ বাবে সুস্থ দেহৰ অধিকাৰী হোৱাটো বাৰুকৈয়ে প্ৰয়োজন আৰু সুস্থ মন পাবলৈ হলে তাৰ বাবে আমি সদায় যত্ন লোৱাটো নিতান্তই জৰুৰী বুলি কয়।

২০১৭-১৮ বৃত্তীয় বৰ্ষৰ বিধায়ক পুঁজিৰ এ ডি এছ-ৰ অধীনত আৰচং খেলপথাৰত খেলপথাৰ উন্নয়ন আৰু মুকলি মঞ্চ নিৰ্মাণৰ আধাৰশিলা স্থাপন কাৰ্যসূচীও ৰূপায়ন কৰা হয়। কাৰ্বি পৰিষদীয় হামৰেণ সমষ্টিৰ পৰিষদীয় সদস্য মঙ্গলছিং তিমুঙৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰা পৰিলক্ষিত হয় বৈঠলাংছ' বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপিয়ে।