
গোগামুখঃ বান গ’ল৷ কিন্তু এতিয়াও আৰ্তজনৰ চকুৰ পৰা মচা যোৱা নাই বানৰ বিভীষিকা৷ বানে নাশ কৰি থৈ যোৱা ঘৰখন পুনৰ থানথিত লগাবগৈ পৰা নাই বানাক্ৰান্তই৷ তাৰ মাজতে আকৌ বানে সিঁচি দি থৈ যোৱা মহামাৰীয়ে লৈছে দানৱৰ ৰূপ৷ এতিয়া আশ্ৰয় শিৱিৰতে বহু বন্যাৰ্তই চকুলো টুকে, মহামাৰীৰ হাতোৰাৰ পৰা পৰিত্ৰাণ পাবলৈ আপ্ৰাণ চেষ্টা চলায়৷
বান, মহামাৰি, যন্ত্ৰনা, ভোক, আৰ্তনাদৰ মাজত এতিয়া বানাক্ৰান্তই কাষত বিছাৰে এষাৰ মাতৰ৷ অলপ আশ্বাস কিম্বা অলপ সহানুভূতিয়ে এতিয়া বানাক্ৰান্তৰ বুকুলৈ কঢ়িয়াব পাৰে সম্ভাৱনাৰ বাণী৷ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে আৰ্তজনৰ ওচৰত থিয় হৈ আশ্বাস প্ৰদান কৰিছে৷ সহায়ৰ হাত আগবঢ়াই জীয়াই থাকিবলৈ প্ৰেৰণা যোগাইছে৷ বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে বানাক্ৰান্তক বিভিন্ন প্ৰকাৰে সহায় সহযোগ কৰাৰ মাজতে আজি ধেমাজি জিলাৰ লায়ন্স ক্লাৱে জিলাখনৰ বানিজ্য মহাবিদ্যালয়ৰ সহযোগত এটি ৩৩ জনীয়া চিকিৎসকৰ দল হৈ দেউৰীঘাটৰ ডিব্ৰু মিছিং উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত বানাক্ৰান্তক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব৷
বানৰ পাছত কালৰ ৰূপ ধাৰণ কৰা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ আজি স্থানীয় সংগঠনটোৱে চিকিৎসা সেৱা আগবঢ়াব বুলি লায়ন্স ক্লাৱৰ উপ সভাপতি বিশ্ব দত্তই জানিবলৈ দিয়ে৷