28
Aug
2017

বিশ্বনাথঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আসাম ৰাইফলছৰ সহযোগত আজি বিনামুলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়৷ চতিয়াৰ ভোজমাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত চিকিৎসা শিৱিৰ বিশ্বনাথ জিলা আমছুৰ প্ৰতিষ্ঠাপক সভাপতি আশ্ৰফ আলিয়ে উদ্ধোধন কৰে৷
বানৰ কবলত পৰি বহু মানুহে হাহাকাৰ কৰি থকাৰ সময়ত স্বাস্থ্য বিভাগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ চিকিৎসা শিৱিৰত উপস্থিত থাকি আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ছাইফুদ্দিন আহমেদ, সাংগঠনিক সম্পাদক কুদ্দুছ আলি চৰকাৰ, আলি আহমেদ, বিশ্বনাথ জিলা সমিতিৰ সভাপতি আমিল হক, সাধাৰন সম্পাদক ফকিৰ আলি, আসাম ৰাইফলছৰ চিঅ’ মনু তাৱাৰ উপস্থিত থাকে৷