বৰপেটাঃ পথ মেৰামতি কৰিবলৈ ওলাই আহিল ৰাইজ৷ উন্নয়ণৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাডীত বহা মিত্ৰ জোঁটৰ চৰকাৰে বাট-পথৰ উন্নয়ণত গুৰুত্ব আৰোপ নকৰাত বৃহস্পতিবাৰে হাতত কোৰ লৈ ওলাই আহিল ৰাইজ৷

বৰপেটা চহৰৰ আৱৰ্ত ভৱনৰ পৰা মাথোঁ দুশ মিটাৰ দূৰত্বত অৱস্থিত মুছলিমপট্টিৰ অস্থায়ী পাঁচলি বজাৰৰ পৰা মথাউৰি হৈ গান্ধীনগৰৰ শ্মশানলৈ যোৱা পথৰ গাতৰ বাবে দীৰ্ঘদিন ধৰি দুৰ্ঘটনা তথা ৰাইজে য়াতাযাতত যমৰ যাতনা ভোগ কৰি আহিছে।

প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাত বৰপেটা গান্ধীনগৰ অঞ্চলৰ নিতু ৰহমান প্ৰমুখ্যে কেইজনমান সচেতন লোক ওলাই আহে। দান বৰঙণি সংগ্ৰহ কৰি শ্ৰমদানেৰে পথটোৰ কিছু অংশ মেৰামতি কৰে৷ কংক্ৰিটেৰে মেৰামতি কৰাৰ বাবে আৰ্থিক সহায় তথা শ্ৰমদান কৰে নুৰুল ইছলাম, ৰমজান আলি, ছফিকুল হক হিৰো, নিতু ৰহমান, মফিদুল হক বিন্টু, গোলাম মোজাম্মিল, চুলতান চালেহ আহমেদ, হবিবৰ ৰহমান, ছামিম হুছেইন, আজাদ, লোকমান খান, মধুকে ধৰি বহু লোকে। উল্লেখ্য যে, বুধবাৰে পথটোত টেম্পো দুৰ্ঘটনাত আহত হোৱা সনজিৎ দাসে শ্ৰমদান কৰা যুৱকসকলক প্ৰশংসা কৰে৷