দলংঘাটঃ ছিপাঝাৰৰ স্বেচ্ছাসেৱী অনুষ্ঠান ছত্ৰৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় বিনামূলীয়া স্বাস্থ্য শিবিৰ৷ দৰং জিলা যুটীয়া স্বাস্থ্য সঞ্চালক আৰু FSTৰ মেডিৰিচ্ছৰ সহযোগত বালিপোতা হাইস্কুল প্ৰাংগনত অনুষ্ঠিত হয় বিনামূলীয়া চিকিৎসা শিবিৰ।

অঞ্চলটোৰ প্ৰায় ২৫০গৰাকী লোকক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰনণ কৰে। GNRCৰ অভিজ্ঞ চিকিৎসক ডাঃ উদয় বৰা, ডাঃ শৰৎ শইকীয়া, ডাঃ পি বৈশ্য, ডাঃ সুৰোজ সিং আৰু ডাঃ পল্লবী ডেকাই ৰোগী সকলক চিকিৎসা সেৱা আগবঢ়ায়। শিবিৰৰ আৰম্ভণিতে এখন স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয়।

সভা খনৰ আঁতধৰে ছত্ৰৰ কাৰ্যবাহী সঞ্চালক ননী কুমাৰ শইকীয়াই। ডাঃ শৰৎ শইকীয়াই স্বাস্থ্য সম্পৰ্কীয় বক্তব্য আগবঢ়ায়।