
নলবাৰীঃ নলবাৰী নগৰৰ মাজমজিয়াত ১৯৯৬ চনতে স্থাপন হোৱা অন্য এখন ব্যক্তিগত খণ্ড শিক্ষানুষ্ঠান হ’ল ব্ৰক্ষ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমি। এই শিক্ষানুষ্ঠানখনৰ নৱাগত অাদৰণি সভাখন আজি শিক্ষানুষ্ঠানখনৰ বাকৰিত অনুষ্ঠিত হৈ যায়।
সমবেত সংগীত পৰিৱেশনে অাৰম্ভ হোৱা অনুষ্ঠানটো গীত মাতে সফল কৰি তুলে শিক্ষাৰ্থীসকলে। অাৰম্ভণি অনুষ্ঠানতে একাডেমীৰ সঞ্চালিকা মৃদুস্মিতা বৰুৱা মেধীয়ে এটি সুমধুৰ গীত পৰিৱেশনেৰে সকলোকে অাপ্লুত কৰে। ব্ৰক্ষ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমিৰ সহঃ শিক্ষয়িত্ৰী প্ৰীতি খাটনিয়াৰ আৰু সহঃ শিক্ষক প্ৰদীপ শৰ্মাই অাঁতধৰা অনুষ্ঠানটোত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ভবেন ভট্টয়ে সভাপতিত্ব কৰে।
এই নৱাগতা অাদৰণি সভাত নলবাৰী কলেজৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, শিক্ষাবিদ নলবাৰী ৰত্ন, বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ ভট্ৰাচাৰ্য্য আৰু বিশিষ্ট কবি, সাংবাদিক প্ৰদীপ কুমাৰ বৰ্মন মুখ্য অতিথি অাৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷ সভাত ড০ ভট্টাচাৰ্যই ভাষণত কয় যে নলবাৰীত ১৪ বছৰীয়া পুৰণি শিক্ষানুষ্ঠান হিচাপে ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাদেমীৰ উল্লেখযোগ্য স্থান আছে৷ সেইবাবে ইয়াৰ হৰণ-ভগন নহোৱাকৈ উদ্যোক্তা, শিক্ষাগুৰু তথা সমূহ কৰ্মকৰ্তাক আগবঢ়াই নিবলৈ আহ্বান জনায়৷
সাংস্কৃতিক সন্ধিয়াত চন্দন ৰাজ আৰু নিতুনীল কাশ্যাপৰ লগতে শিশু শিল্পী তনুজা শৰ্মাই গীত পৰিবেশন কৰি পৰিৱেশটো জীপাল কৰি তোলে৷