তামুলপুৰঃ বিটিএডিৰ বাক্সা জিলাৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান তামুলপুৰ মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসুচীৰে নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ যায়৷ পুৱাই মহাবিদ্যালয়খনৰ নিম্ন শাখাৰ অধ্যক্ষ সুৱোধ চন্দ্ৰ দাসে মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে নৱাগত আদৰণি সভাৰ কাৰ্যসুচীৰ শুভৰাম্ভ কৰে।

সমাজসেৱক ড০ যোগেন বড়োই বৃক্ষৰোপন কৰাৰ পাছতে ছাত্ৰ-ছাত্ৰীৰ মাজত অন্তৰংগ আলাপ কাৰ্যসুচী অনুষ্ঠিত হয়৷ দিনৰ ১১ বজাত ভূপেন বিশ্বাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আঁতধৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰিজিমচা ৰাজ বড়োবে।

সভাত উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য দেবেন বড়ো, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ মুৰব্বী অধ্যাপক ড০ মনোজ কুমাৰ ডেকা, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ মুৰব্বী অধ্যাপক সঞ্জীৱ বৰুৱা আৰু চিৰাং জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰবিন বড়ো, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দমন পাটোৱাৰী, তামুলপুৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি জীতেন দাস, তামুলপুৰ আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি বানেশ্বৰ বড়ো, তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি চবিন ৰাভা উপস্থিত থাকে।

বিটিচিৰ কাৰ্যবাহী সদস্য দেবেন বড়ো আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগেন বড়োৱে নৱাগত ছাত্ৰ-ছত্ৰীক সকলক শুভেচ্ছা জনায়। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নিয়ম শৃংখলা মানি চলিবলৈ আহ্বান জনায়।

বৃহত্তৰ তামুলপুৰত এখন চৰকাৰী মহাবিদ্যালয় নাই বুলি আক্ষেপ কৰে অধ্যক্ষ ড০ যোগেন বড়োৱে। চৰকাৰে দীনদয়াল মহাবিদ্যালয় স্থাপন কৰাৰ বাবে উঠি পৰি লাগিছে তেনে স্থলত বৃহত্তৰ তামুলপুৰত একমাত্ৰ মহাবিদ্যালয় খনে ৩৩ বছৰ অতিক্ৰম পাৰ কৰাৰ পাছতো প্ৰাদেশীকৰণ নোহোৱাত দুখ প্ৰকাশ কৰে অধ্যক্ষগৰাকীয়ে।

সভাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ মুৰব্বী অধ্যাপক ড০ মনোজ কুমাৰ ডেকাই ৩৩ বছৰ পাছতো তামুলপুৰ মহাবিদ্যালয় খনৰ নতুনত্ব দেখা নাই বুলি কয়। ছাত্ৰ-ছাত্ৰীসকলক মোবাইল সৎ কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়৷