ঢেকীয়াজুলিঃ চৰকাৰী শিক্ষা খণ্ডৰ চৰম বিফলতাৰ পাছত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহক পুঁজিপতি কৰাৰ চৰকাৰী আঁচনি ইতিমধ্যে ঠায়ে ঠায়ে ৰূপায়ণ কৰা হৈছে। সাধাৰণ আৰু দৰিদ্ৰ শ্ৰেণীৰ মূৰত মাধমাৰ দিয়া এনে ব্যক্তিগত খণ্ডৰ শিক্ষা ব্যৱস্থাই খাবলৈ নোজোৰা দৰিদ্ৰ শ্ৰেণীৰ মাজত কিমান শিক্ষাৰ পোহৰ বিলাব সেয়া চৰকাৰৰ বিচাৰৰ বিষয় নহয়।

শিক্ষা প্ৰণালীৰ এনে পৰিৱৰ্তনৰ পাছত জন প্ৰতিনিধি সমূহো উঠি পৰি লাগিছে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ আধাৰশিলা স্থাপনত। বৃহস্পতিবাৰে শোনিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৱেও নিজ সমষ্টিৰ কাৱৈমাৰী শংকৰদেৱ শিশু নিকেতনত নতুন বিদ্যালয়গৃহ নিৰ্মাণৰ লাইখুটা পুতি শুভাৰম্ভ কৰে৷

বিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰা বিদ্যালয় নৱ-নিৰ্মানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি লিম্বুৱে বিধায়ক পুঁজিৰ ১৫লাখ টকীয়া আঁচনিখন আনুষ্ঠানিক ভাবে উদ্বোধন কৰি বিদ্যালয় কৰ্তৃপক্ষ তথা স্থানীয় ৰাইজক অৰ্পন কৰে৷ আনহাতে আগন্তুক বিত্তীয়বৰ্ষত বিদ্যালয়খনৰ কাৰ্যালয়গৃহ নিৰ্মানৰ বাবেও বিধায়ক গৰাকীয়ে অনুদান আগবঢ়োৱা হ’ব বুলি সভাত ঘোষণা কৰে৷

আনফালে বিধায়ক লিম্বুৱে সমষ্টিটোৰ বিহগুৰি উন্নয়নখণ্ডৰ অন্তৰ্গত কাৱৈমাৰীত, বৰছলা উন্নয়ন খণ্ডৰ বৰছলা চেন্টাৰ আৰু শিঙৰীত অৱস্থিত মুঠ তিনিখনকৈ শংকৰদেৱ শিশু নিকেতনৰ বাবে ক্ৰমে ১৫ লাখ, ১৫ লাখ আৰু ১০ লাখ টকাৰ চৰকাৰী অনুদান আগবঢ়ায়। শিঙৰীৰ এখন সংস্কৃত টোলৰ বাবেও বিধায়ক লিম্বুৱে বিধায়ক পুঁজিৰ পৰা ৫ লাখ টকাৰ অনুদান আগবঢ়াইছে বুলি জানিব পৰা গৈছে৷

ব্যক্তিগত খণ্ডৰ শিক্ষা ব্যৱস্থা দৰিদ্ৰ সাধাৰণ শ্ৰেণীৰ বাবে কষ্টসাধ্য হলেও সক্ষম মধ্যবিত্ত শ্ৰেণীয়ে বিধায়ক লিম্বুৰ এনে তৎপৰতাক বিশেষ ভাৱে আদৰণি জনাইছে আৰু অঞ্চলটোক শৈক্ষিক দিশত আগবঢ়াই নিব বুলি আশা প্ৰকাশ কৰিছে৷