01
Jul
2017

প্ৰতিকী ফটো (সংগৃহীত)
লালুকঃ গাভৰু নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা বানত বুৰিল লালুকৰ বহু অঞ্চল৷ শুক্ৰবাৰে নিশাৰে পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত লালুকৰ গাভৰু নৈৰ উপৰিও পাভ, পইতা, যদুমণি, বগলী, ঢেকিয়াজুলি নৈ পানী বাঢ়ি বিভিন্ন অঞ্চল বুৰাই পেলাইছে৷
আজিৰ বাঢ়নি পানীয়ে কৃষক ৰাইজে অতি কষ্টৰে ৰূপিত কৰা ৰোৱনী পথাৰ সমুহ বুৰাই পেলোৱাৰ লগতে বহু স্থানত বালিৰে পুতি পেলাইছে৷
বিশেষকৈ গাভৰু নৈ বাঢ়নি পানীয়ে আজিও তৰাজুলি গাওঁত বিস্তৰ ক্ষতি সাধন কৰিছে৷ বাঢ়নি পানীয়ে খহনীয়া কৰাৰ ফলত কেইবাটাও পৰিয়াললৈ পুনৰ ভাবুকি আহি পৰিছে৷ ৰাইজে বাহৰ জেং, গছৰ ডাল পাতেৰে বাঢ়নি পানীৰ গতি ৰোধ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷