
গহপুৰঃ ৰাজ্যখনৰ মানচিত্ৰত ঐতিহ্যমণ্ডিত ঠাই হিচাপে গহপুৰৰ সুকীয়া স্থান আছে । বাসুদেৱ দৌল, ধন্দি দৌল, কল্যাণী থান, সূৰ্য মন্দিৰ, দক্ষিণ পাট কলাবাৰী সত্ৰকে আদি কৰি বহুতো ঐতিহাসিক ক্ষেত্ৰ আছে।
আহোম ৰাজত্ব কালতে হওক নতুবা ভাৰতৰ স্বাধীনতা আন্দোলনতে হওক গহপুৰে এক সুকীয়া ভূমিকা পালন কৰি আহিছে। গহপুৰৰ জীয়ৰী বীৰংগনা কনকলতা বৰুৱাই ১৮ বছৰ বয়সতে দেশৰ বাবে শ্বহীদ হৈছিল। আহোম স্বৰ্গদেউ ধন্দি ৰজাই নিৰ্মান কৰা ধন্দি দৌল, সেইযোগৰে অন্য এক কৃতি চিহ্ন বাসুদেৱ দৌল আৰু বৰপুখুৰী গহপুৰৰ সোণালী ইতিহাস।
আহোম ৰাজত্বৰ কালৰ ধন্দি দৌল আৰু বাসুদেৱ দৌল এতিয়া ধ্বংসৰ পথত। অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ আৰম্ভণিত গহপুৰে এক সুকীয়া ভূমিকা পালন কৰিছে। প্ৰথম অসমীয়া বোলছবি জয়মতীৰ নিৰ্মাণৰ কালছোৱাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই গহপুৰস্থিত ভোলাগুৰি চাহ বাগিচাত থাকি বোলছবি খনৰ দৃশ্য সম্পাদনা কৰিছিল।
জ্যোতিপ্ৰসাদ আগৰৱালাই থকা গৃহটোৱে আজিও অসমীয়া বোলছবি জগতৰ ইতিহাসৰ স্মৃতি বহন কৰি আহিছে পৰিতাপৰ বিষয় এই যে, চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবেই ঐতিহাসিক সমলৰ উপযুক্ত সংৰক্ষণ হোৱা নাই।
অসম চৰকাৰে আগবাঢ়ি আহি গহপুৰৰ এই ঐতিহাসিক সমল সমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে।