21
Sep
2017

ৰঙিয়াঃ ৰঙিয়া অঞ্চলত তীৰ-জুৱাৰ প্ৰচলন অব্যাহত থকাৰ অভিযোগ উত্থাপিক হৈ অহাৰ সময়তে বৃহস্পতিবাৰ ৰঙিয়া আৰক্ষীৰ অভিযানত জালত পৰিল জুৱাৰী৷
ৰঙিয়া আৰক্ষীৰ এটি দলে ৰঙিয়া চহৰৰ সমীপৰ চিৰাখুন্দিত জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাই। অভিযান কালত আব্দুৰ ৰহমান নামৰ এজন জুৱাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷আৰক্ষীৰ অভিযানৰ উমান পাই দৌৰি পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে পিছে পিছে খেদি আটক কৰে আব্দুৰক।ৰঙিয়া অঞ্চলত তীৰ খেলৰ মাষ্টৰ ৰূপে বিখ্যাত হৈ পৰিছিল আব্দুৰক৷
যুৱক জনৰ পৰা ৯৯৭টা তীৰৰ বহী AS-01-BT-8813 নম্বৰৰ অল্ট গাড়ী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী৷ যুৱকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷