19
May
2017

ফটো সৌজন্যঃ ইণ্টাৰনেট
অভয়াপুৰীঃ বৰ্তমানে অসমত উৎসৱ বুলিলেই যেন জুৱা অনিবাৰ্য হৈ পৰিছে। বিভিন্ন উৎসৱ-পাৰ্ৱণৰ সময়ত অবাধ চলিছে জুৱা।
পশ্চিম অসমো ইয়াৰ ব্যতিক্ৰম নহয়। আনকি বাপতি সাহোন ৰঙালী বিহুটিকো বাদ নিদিলে জুৱাৰীয়ে।
বৃহস্পতিবাৰৰ পৰা অভয়াপুৰীৰ সমীপবৰ্তী বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত চাৰিপুনিয়াত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল ৰঙালী বিহু।
অনান্য মেলাৰ নিচিনাকৈ বিহু উৎসৱতো আয়োজন হয় জুৱাৰ। বিহুত জুৱা পতাকলৈ অঞ্চলটোত একাংশ সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
ৰাইজৰ অভিযোগৰ ভিত্তিত নিশাৰ ভাগত আৰক্ষী গৈ উৎখাত কৰে জুৱাৰীকেইজনক।