তুলসীবাৰীঃ অসম গৌৰৱ অৰ্জুন শ্ৰী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰবিবাৰে ৰঙিয়াত অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজন কৰা হৈছে৷ তদুপলক্ষে পুৱা ৬ বজাত ৰঙিয়া তিনিআলিস্থিত বুনিয়াদি প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা আৰম্ভ হ’বলগীয়া সামূহিক দৌৰৰ পতাকা নমাব মহকুমাধিপতি মুণীন্দ্ৰ বৰদলৈয়ে৷

ইয়াৰ পাছতে ৭-১৫ বজাত সাধনাৰ উদ্যোগত যোগাসনৰ বিভিন্ন কলা প্ৰদৰ্শন কৰা হ’ব৷ ৭-৩০ বজাত খেলুৱৈ সম্বৰ্দ্ধনা আৰু বঁটা বিতৰণী সভাত উপস্থিত থাকিব ৰাজ্যসভাৰ সাংসদ তথা অসম কাবাদী সন্থাৰ সভাপতি ভূবনেশ্বৰ কলিতা, ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা, কামৰূপ জিলা পৰিষদৰ সভাপতি দেবব্ৰত কলিতা প্ৰমুখ্যে কেবা গৰাকী আমন্ত্ৰিত অতিথি৷