
গুৱাহাটীঃ নগাঁও কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই অসমীয়াৰ আবেগ, অনুভূতিক ভৰিৰে মোহাৰি সন্দেহজনক লোকে এইবাৰ নগাঁৱৰ জুৰীয়াত ৰাজ পথত জ্বলালে গামোচা৷ এন এছ ইউ আইৰ কেইবাজনো নেতা-কৰ্মীয়ে খোদ কংগ্ৰেছৰ বিধায়কৰ সন্মুখতে অসমীয়াৰ চেনেহৰ গামোচা খন জ্বলাই ঠাট্টা, মস্কৰা কৰে৷ যিখন গামোচা ডিঙিত লৈ অসমীয়াই গৌৰৱ কৰে সেই গামোচা খন জ্বলাই দিয়াত ফেকুৰি উঠিছে অসমীয়াৰ হৃদয়৷
এই ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা ৰাজ্যবাসীয়ে প্ৰতিবাদ-প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে৷ একাংশ সন্দেহজনক লোকে অসমীয়াৰ আবেগক বাৰে বাৰে কুঠাৰঘাট কৰি ৰাজ্য খনৰ একো একোটা অঞ্চলত দপদপনি বৃদ্ধি কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে৷ হিন্দু বাংলাদেশী সংস্থাপন, এন আৰ চি উন্নীতকৰণ, বৃহৎ নদীবান্ধ নিৰ্মাণ, তৈল খাদ নিলাম, দীনদয়ালৰ নামত মহাবিদ্যালয় স্থাপন, সীমান্ত ছীল, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আদি বিষয় বিলুপ্ত কৰিবলৈ একাংশ লোকে ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে৷
সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বাংলাভাষী লোকে আক্ৰমণ কৰি ছহিদ বেদী ভাঙি পেলেৱাৰ লগতে কাৰ্যালয়ৰ আচবাব, সুধাকন্ঠ ড০ ভুপেন হাজৰিকাৰ ছবি দলিয়াই দিয়াৰ লগতে মটৰচাইকেল ভাঙি চুৰমাৰ কৰিছিল ধেমাজি জিলাৰ চিলা পথাৰত। যোৱা মে’ মাহৰ এই ঘটনাক অসমীয়াই আজিও পাহৰিব পৰা নাই৷ তাৰ পিছতে নগাঁৱৰ থলুৱা লোকক আক্ৰমণ কৰাৰ ঘটনাৰ পিছত এইবাৰ জুৰীয়াত গামোচা জ্বলাই বীৰত্ব প্ৰদৰ্শন কৰে একাংশ সন্দেহজনক লোকে৷ গামোচা জ্বলাই দিয়া ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷
ৰাজ্যৰ দল-সংগঠনে এই কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ ৰাজ্যৰ দল-সংগঠন তথা জ্যেষ্ঠ সংবাদিকে গামোচা জ্বলোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই ঘটনাক গৰিহণা দি কোনো কাৰণত সহ্য কৰা নহ’ব বুলি কয়৷ বাৰে বাৰে এনে কাণ্ড সংঘটিত কৰি থাকিলে অসমীয়া বহি নাথাকিব বুলি কয় যুৱ- ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে৷ অসম যুৱ পৰিষদ নেতা সুনিল ডেকাই অসমৰ স্বাভিমানক যিয়ে আঘাত হানিব তেনেলোকৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম৷
এনেবোৰ কাণ্ডৰ আৰৰ ব্যক্তিক যদি উচ্চিত শাস্তি নিদিলে আমি চৰকাৰক বিহিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাম বুলি কয় অগপৰ ভাতৃ সংগঠনৰ নেতাগৰাকীয়ে৷ অগপ আঞ্চলিকতাবাদৰ সভাপতি সুনীল ৰাজকোঁৱৰে গামোচাখন জাতিৰ বাবে মান্যতা বুলি কয়৷ যিয়ে এই কাম কৰিছে তাৰ বিৰুদ্ধে ব্যৱস্থা লওক৷ দল-পাৰ্টীক লৈ কথা আহিব নালাগে৷ আমি মুঠতে এটা কথাই জানো এনে ধৰণৰ ঘটনা সংঘটিত হ’ব নালাগে৷ কাৰণ জাতিৰ আবেগত লগা কাম কোনেও কৰিব নালাগে৷
এই কাণ্ড সংঘটিত কৰা লোকসকলক ৰাজহুৱা ভাবে ক্ষমা খোজাৰ লগতে ইয়াক লৈ কেতিয়াও ৰাজনীতি হ’ব নালাগে বুলি কয় সুনীল ৰাজকোঁৱৰে৷ এন এছ ইউ আইৰ ৰাজ্যিক সম্পাদক মানৱ ডেকাই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰয়া কৰি এই কাণ্ডত এন এছ ইউ আইৰ কোনো ল’ৰা সম্পূৰ্ণভাৱে জড়িত নাই বুলি কয়৷ এইটো এটা পৰিকল্পনা মূলক কাণ্ড আছিল য’ত এন এছ ইউ আইক বদনাম কৰাৰ চেষ্টা কৰিছে বুলি কয় মানৱে৷
আলোচনা হেৱাৰ ঠাইৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত্বত গামোচা জ্বলোৱা ঘটনাটো সংঘটিত হৈছিল৷ এই কাণ্ডত যিসকল দুষ্কৃতিকাৰী জড়িত আছে তেওঁলোকক আটক কৰি শাস্তি দিয়াৰ দাবী জনায়৷ ঘটনা সৰ্ন্দভত আমাৰ বিধায়ক নুৰুল হুদা, এন এছ ইউ আইৰ ৰাজ্যিক সভাপতিয়ে ঘটনা সন্দৰ্ভত স্থানীয় থানাত গোচৰ ৰুজু কৰিছে৷ আৰক্ষীয়ে তদন্ত কৰি দুখিক শাস্তি দিয়ক বুলি কয় এন এছ ইউ আইৰ নেতাজনে৷
জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে অসমীয়া অভিধানত থকা আটাইতকৈ অপৰিষ্কাৰ শব্দৰে সৈতে তেওঁলোকক মই ধীক্কাৰ দিছো৷ অসমত থাকিব খোজা বা ভাৰতবৰ্ষৰ মাটিত থাকিব খোজা যিকোনো মানুহেই ভাৰতীয় সংস্কৃতি আৰু অসমীয়া সংস্কৃতি মানি লয়৷ কিন্তু যি বিলাকে মানি নলয় তেওঁলোকক গটিয়াই বাহিৰ কৰি দিব লাগে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ পৰা আমাৰ সাংবাদিকে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিছাৰিছিল যদিও এই বিষয়ে আমাৰ পাৰ্টীয়ে ক’ব বুলি কৈ সম্পূৰ্ণ মূৰ পোলোকা মাৰি মই নকলেও হ’ব বুলি দায়িত্ব সাৰে৷