শিৱসাগৰঃ আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন ঠাইত পালন কৰা হৈছে৷ অহিংসৰ নীতিৰে স্বাধীনতাৰ বিজয়ী ধ্বজা উৰুৱাবলৈ সক্ষম হোৱা মহামানৱ গৰাকীৰ জন্মদিনটো ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে শিৱসাগৰ জিলাতো জিলা কংগ্ৰেছৰ উদ্যোগত উদযাপন কৰা হয়৷

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰৱক্তা প্ৰবিন শৰ্মা আৰু বিশিষ্ট সাহিত্যিক-কবি তথা বুৰঞ্জীবিদ প্ৰেম গগৈ৷ অনুষ্ঠানত জিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, NSUI, সেৱা কংগ্ৰেছ আদিৰ বিষয়ববীয়া উপস্থিত থাকে।