
newsnextone.com। মাজুলীঃ সমগ্ৰ দেশৰ লগতে মাজুলীতো মহা মানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উদযাপন কৰা হয়। ১৫০বছৰীয়া জন্ম জয়ন্তী পালন কৰে মধ্য মাজুলীৰ পাৰিজাত উচ্চতৰ মাধ্যামিক বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয়ৰ মাতৃ গোটে।
গান্ধীৰ জন্ম জয়ন্তী উপলক্ষ্যে বিদ্যালয়ত এখনি সভাৰ আয়োজন কৰা হয়। সভাত বিদ্যালয় সাধাৰণ সম্পাদক দেৱজিৎ হাজৰিকা সভাপতিত্ব কৰাৰ লগতে বিদ্যালয় অধক্ষ্য প্ৰভাত নাথ দেৱ উপস্তিত থাকে। সভাত ছাত্ৰ-ছাত্ৰী সকলে মহাত্মা গান্ধীৰ কৰ্মৰ জীৱন ওপৰত বক্তব্য দাঙি ধৰে।
মধ্য মাজুলীৰ পাৰিজাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধক্ষ্য ২০১৮বৰ্ষৰ কৃতী শিক্ষকৰ বঁটাপ্ৰাপক প্ৰভাত নাথ দেৱক সভাত বিদ্যালয় মাতৃ গোটৰ সভানেত্ৰী গীতামনী নৰহ আৰু সম্পাদিকা অসীমা বৰাই মাতৃৰ গোটৰ হৈ এখন মান পত্ৰৰে শ্ৰদ্ধা জ্ঞাপন কৰে।