02
Oct
2017

শিৱসাগৰঃ আজি মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন। সমগ্ৰ দেশতে পালন কৰা হৈছে অহিংসাৰ পথেৰে স্বাধীনতাৰ বাট প্ৰশস্ত কৰা মহাত্মা গান্ধীৰ ওপজা দিনটো। স্বচ্ছতা আৰু পবিত্ৰতাৰ আমূল নিদৰ্শন মহাত্মাক সুঁৱৰি আজি সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন ঠাইতো চলোৱা হৈছে স্বচ্ছতাৰ অভিযান।
তাৰ লগতে সংগতি ৰাখি আজি থাওৰা সমষ্টিৰ ডিমৌ অঞ্চলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আদৰ্শ সাৰোগত কৰি ডিমৌ মণ্ডল যুৱমৰ্চা, ডিমৌ নগৰ সমিতিৰ উদ্যোগত স্বচ্ছ অভিযানৰ এটি কাৰ্য্যসূচী গ্ৰহণ কৰা হয়৷
কাৰ্য্যসূচীত ডিমৌৰ বিশিষ্ট সমাজকৰ্মী অনিল দে, ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাং, ডিমৌ নগৰ সমিতিৰ কণিষ্ঠ অভিযন্তা গৌতম কলিতা, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিমোহন সিনহা তথা ডিমৌ মণ্ডল যুৱমৰ্চাৰ সভাপতি বৰুণ বিকাশ ফুকনৰ লগতে স্থানীয় ৰাইজ আৰু মণ্ডলৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।