লালুকঃ আজি সমগ্ৰ দেশৰ লগতে নাওবৈচা সমষ্টি এন ইছ ইউ আইৰ উদ্যোগত ৩নং ইছলামপুৰ ব্লক আদৰ্শ জাতীয় বিদ্যালয়তো গান্ধী জয়ন্তী উদযাপন কৰা হয়৷ এই উপলক্ষে আকস্মিক বক্তৃতা, কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়৷

মুকলি সভাত নাওবৈচা সমষ্টি এন এছ ইউ আইৰ সভাপতি আবুল নছাৰ ওৱাহিদৰ সভাপতিত্বত অনুষ্ঠিত অনুুষ্ঠানৰ আঁত ধৰে সমষ্টি কমিটিৰ সম্পাদক ইনামুল হাচানে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সমষ্টি কমিটিৰ সাধাৰণ সম্পাদক ৰফিজ উদ্দিনে৷

সভাত অতিথি হিচাপে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মহিম চন্দ্ৰ পায়েং, লখিমপুৰ জিলা এন এছ ইউ আইৰ সাধাৰণ সম্পাদক ছাবিৰ মুস্তাকিম, উত্তৰ লখিমপুৰ আইন মহাবিদ্যালয়ৰ অধ্যক্ষ আব্দুল খালেক, সাংবাদিক হাছিনুৰ আলম, নাওবৈচা সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি ফয়জুল আলী, যুৱ নগৰ হাই স্কুলৰ সহ শিক্ষক মোবাৰক আলী, প্ৰাক্তন কংগ্ৰেছ নেতা আব্দুৰ ৰাজীৱকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷