তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ তামুলপুৰ বজাৰ চ’ক বণিক সন্থাই দ্বাদশ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজা উদযাপনৰ ব্যপক প্ৰস্তুতি আৰম্ভ কৰিছে৷

অহা ২৪-২৬ আগষ্টলৈ তিনিদিনীয়া  কাৰ্যসূচীৰে বিঘিনি বিনাশক শ্ৰী শ্ৰী গণেশ পূজা অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে পূজা পৰিচালনা সমিতিৰ সভাপতি লঙ্কেশ্বৰ ঠাকুৰীয়া আৰু সম্পাদক হেমন্ত দাসে৷

কাৰ্যসূচী অনুসৰি ২৫ আগষ্টৰ সন্ধিয়া অভিনেতা সখী দ্বীপ দেউৰীৰ লগতে প্ৰিয়ংকা কলিতা আৰু মিন্টু দাসে গীত পৰিবেশন কৰিব৷